লাহৰিঘাট জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ দলৰ মোছলেফুল আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভা।নিশা ভেহুগুৰিস্থিত নিজ বাস ভৱনত এক নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থী মোছলেফুল আহমেদে ৰাইজক নিৰ্বাচন উদ্দেশ্য দিলে উদাত্ত ভাষন। এইবাৰ শাসক পক্ষত থাকিব লাহৰিঘাটৰ ৰাইজ । চামগুৰিৰ ৰাইজে যি দৰে কংগ্ৰেছৰ চিৰ বিদায় দিলে এইবাৰ লাহৰিঘাটৰ ৰাইজেও কংগ্ৰেছক বিদায় দিবলৈ সাজু হৈছে।ৰাইজৰ মনৰ বতৰাই বুজাই যে মিত্ৰজোঁটৰ প্ৰাৰ্থী মোছলেফুল আহমেদ এশ শতাংশ নিচ্ছিত।ৰাইজ সাজু হৈ আছে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ, কেবল নিৰ্বাচনৰ দিনটোলৈ অপেক্ষা কৰি আছে ৰাইজ।ৰাইজৰ স্বতঃস্ফুৰ্ত অংশগ্রহণে আমাক আৰু অধিক শক্তিশালী কৰি তুলিছে বুলি উল্লেখ কৰে প্ৰাৰ্থী গৰাকীয়ে।
