sangbad lahar logo

লাহৰিঘাটৰ বাপ্পী আহমেদৰ মহানুভৱতা , গৰাখহনীয়া গ্ৰস্ত বহু পৰিয়ালক বিতৰণ খাদ্য সামগ্ৰী

এজন ইউটিউবাৰ । নাম বাপ্পী আহমেদ । বহুত সময়ত বহু দৰিদ্ৰ পৰিয়ালক সহায় কৰি আহিছে এইজন বাপ্পীয়ে। পুনৰ লাহৰিঘাটৰ এইজন যুৱক বাপ্পী আহমেদৰ আন এক মহানুভৱতা । নিজৰ ইউটিউব চেনেলৰ যোগেদি লাভ কৰা ধনেৰে আজি গৰাখহনীয়াগ্ৰস্ত বহু পৰিয়ালক চাউল , দালি , নহৰু , আলু , পিয়াজ , জলকীয়া গুৰি , হালধি গুৰি আদি বিতৰণ কৰিলে বাপ্পীয়ে। এনে পদক্ষেপক সকলো ৰাইজে প্ৰশংসা কৰা পৰিলক্ষিত হয় । আনহাতে তেওঁ কয় যে তেওঁৰ ইউটিউব চেনেলৰ যোগেদি লাভ কৰা সকলো ধন দুখীয়া ৰাইজৰ বাবে বহন কৰিব তেওঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *