
এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় দুই যুৱকৰ।উল্লেখ্য যে লাহৰিঘাটৰ বগলিপাৰা গাঁৱৰ আমিনুল হক আৰু ৰিয়াজুল হক কৰ্মসূত্ৰে ঠিকাদাৰ হাৰুল আলম ৰশ্বিদৰ সৈতে নাগালেণ্ডৰ কিৰপি নামৰ ঠাইলৈ কাম কৰিব যাওঁতে শুক্ৰবাৰে ডাম্পাৰ দূৰ্ঘটনাত মৃত্যু হয় দুই যুৱকৰ । আজি নিজ গৃহত মৃতদেহ অহাৰ পিছতেই পৰিয়ালত আৰম্ভ কণ্ডোনৰ ৰোল । এই ঘটনাই জোঁকাৰি গৈছে এতিয়া সমগ্ৰ লাহৰিঘাট।