
কৰ্মসূত্ৰে লামডিঙত থকা যুৱকৰ মৃতদেহ নিজ ঘৰৰ কাষত উদ্ধাৰ। এই ঘটনা সংঘটিত হৈছে লাহৰিঘাটত। প্ৰায় এমাহ ধৰি কৰ্মসূত্ৰে লামডিঙত আছিল লাহৰিঘাটৰ বৰবৰী গাওঁৰ খাইৰুল ইছলাম। হঠাৎ বুধবাৰে খাইৰুলৰ জ্বৰ হোৱা বুলি পৰিয়ালৰ লোকক ঠিকাদাৰে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে উক্ত খবৰ লাভ কৰি নিজ গৃহত খাইৰুলক লৈ আনিবলৈ ঠিকাদাৰ জনক অনুৰোধ জনায় যদিও আজি পুৱা খাইৰুলৰ মৃতদেহ তেখেতৰ লগত কাম কৰিব যোৱা কেইজনমান যুৱকে কোনেও গম নোপোৱাকৈ নিজ গৃহৰ ৰাস্তাৰ কাষত পেলাই থৈ যাবলৈ চেষ্টা কৰাত ৰাইজে হাতে-লোতে ধৰা পেলায় যুৱক কেইজনক । উক্ত ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। উক্ত ঘটনাৰ খবৰ লাভ কৰি লাহৰিঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱক কেইজনক থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকৰ মতে এইয়া এক পৰিকল্পিত হত্যা কাণ্ড। আৰক্ষীৰ তদন্তত ওলাই পৰিব ইয়াৰ আঁচল ৰহস্য।