
নিউজ ডেস্ক : লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।আজি পুৱা ভাগত অভিযান চলাই থকাৰ সময়তে ওৱাইন চ’প ৰ পৰা নম্বৰ বিহীন এখন স্কুতিত বিলাতী সুৰা লৈ যোৱা সময়তে কাকজান বামকুকুৱাচোৱা গাৱৰ ৰিতু বৰা নামৰ ব্যক্তিজনৰ পৰা হাতে লোটে বহু পৰিমানৰ বিদেশী সুৰা জব্দ কৰাৰ লগতে ৰিতু বৰাক কৰায়ত্ত কৰি আৱকাৰী বিভাগক চমজাই দিয়ে।উল্লেখ্য যে ৰিতু বৰা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে বহু দিনৰ পৰা অভিযোগ কৰি আছিল স্থানীয় ৰাইজে। আৰক্ষীৰ এনে প্ৰশংসনীয় পদক্ষেপক অসম জাতীয়তাবাদী যুৱ ছাএ পৰিষদ কাকজান আঞ্চলিক সমিতিয়ে প্ৰশংসা কৰিছে।