sangbad lahar logo

লালুকবাসীৰ বাবে এটা ভাল খবৰ

লখিমপুৰ , ২৭ জানুৱাৰী — বুধবাৰে লালুক আদৰ্শ চিকিৎসালয়ত পৰিপুষ্ঠি পুনৰ সংস্থাপন এটি কেন্দ্ৰ স্থাপন কৰা হয়। কেন্দ্ৰটো শুভ উদ্বোধন কৰে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সম্প্ৰতি গোস্বামীয়ে। দহখন বিচনাযুক্ত এই কেন্দ্ৰটো পৰিপুষ্ঠিহীনতাত ভোগা ছয় মাহৰ পৰা পাঁচ বছৰ বয়সলৈকে শিশুৰ যাৱতীয় চিকিৎসা কৰা হ’ব বুলি জানিব দিয়ে । ইয়াৰোপৰি শিশুৰ প্ৰয়োজনীয় খাদ্যৰ যোগাত্মক ব্যৱস্থাও কেন্দ্ৰটিত উপলব্ধ হ’ব। কেন্দ্ৰটিত এগৰাকী ডায়েটিছিয়ান, চাৰিগৰাকী নাৰ্ছ, এগৰাকী ৰান্ধনী আৰু এগৰাকী চাফাইকৰ্মীয়ে সেৱা আগবঢ়াব। স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেন্দ্ৰটিত শিশুৱে থাকি ভালপোৱা ‌এক পৰিৱেশৰো সৃষ্টি কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *