মঙ্গলবাৰে নিশা তিনিচুকীয়া জিলাৰ লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত ৰবৰবাৰী গাঁৱৰ ৩৫ বছৰীয়া লোকক চোকা অস্ত্ৰৰে হত্যা ।
মৃত লোকজনৰ নাম বাদলু মুড়া ।
জানিব পৰা মতে, একেলগে ঘূৰি ফুৰা সমবয়সৰে উমাকান্ত ভূঞা নামৰ লোকজনে হত্যা কৰে বাদলু মুড়াক ।
কি কাৰণত এনে হত্যাকাণ্ড সংঘটিত কৰিলে জানিব পৰা হোৱা নাই ।
ঘটনাস্থলীত নিশাই লাংকাচি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰীজনক আটক কৰে ।
ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী উমাকান্ত ভূঞাক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ।