sangbad lahar logo

লখিমপুৰ জিলাৰ ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য হৃদয় ৰঞ্জন বৰদলৈ দেৱৰ মৃত্যু।

নিউজ ডেস্ক: লখিমপুৰ জিলাৰ ফুলবাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ অধক্ষ্য হৃদয় ৰঞ্জন বৰদলৈ দেৱৰ আজি পুৱতি নিশা মৃত্যু হয়। তেখেত এক জতিল ৰোগত আক্ৰান্ত হৈ গুৱাহাতীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আজি পুৱা প্ৰায় ৬বাজি ৩০ মিনিতত চিকিৎসালয়তে এই সংসাৰৰ পৰা বিদায় মাগিলে। তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছাঁ পৰিছে। তেখেত অধক্ষ্য হোৱাৰ পাছতো সমাজৰ প্ৰতিতো দিশতে আগবাঢ়ি আহিছিল। দল সংগঠনৰ প্ৰতিটো ক্ষেত্ৰটে সহায় সহযোগ কৰিছিল।

আজি সন্ধিয়া ভাগত তেখেতৰ মৃতদেহ চিকিৎসালয়ৰ পৰা পোনে পোনে বিদ্যালয়লৈ অনা হয়। বিদ্যালয়তে ছাত্ৰসন্থা সহযোগী শিক্ষক কৰ্মচাৰী গাঁও পঞ্চায়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা সমগ্ৰ ফুলবাৰী বাসী ৰাইজে সমবেদনা জ্ঞাপন কৰে। তাৰ পাছতে তেখেতৰ নশ্বৰ দেহ স্ব গৃহলৈ অনা হয়। স্ব গৃহতো তেখেতক অজস্ব গুনমুগ্ধই শেষ শ্ৰধাঞ্জলি জনাই। তেখেতে মৃত্যুৰ সময়ত পত্নী সহ কনমানি পুত্ৰ কন্যাৰ লগতে পৰিয়ালক এইসংশাৰতে এৰিথৈ যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *