২৭ আৰু ২৮ মে’ত অনুষ্ঠিত কাৰটে প্ৰতিযোগিতাত খেলুৱৈসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১৩টা ব্ৰঞ্জ সৰ্বমুঠ ২৭ টা পদকেৰে জিলাখনৰ খেলৰ সুনাম অক্ষুণ্ণ ৰাখিলে । সোণৰ পদক তন্বিৰ সোনোৱাল, নিৰ্মলা এক্কা, মনীষা চাহু, চয়নজিৎ নেওগ, তন্ময় সোনোৱাল, সুৰজ কোঁৱৰ আৰু নিশিল চেত্ৰী । সেইদৰে ৰূপৰ পদক লাভ কৰে ত্ৰিদিব চাহু, পৰাগজ্যোতি চাহু, বাস্তৱ গোহাঁই, আয়ুশী, দাস, ৰক্তভ চেতিয়া, কাশ্যপ মৰাণ আৰু সুৰজ কোঁৱৰে । থিক তেনেকৈ ব্ৰঞ্জৰ পদক লাভ কৰে আৰিণ সোনোৱাল, ত্ৰিদিব চাহু, পৰাগজ্যোতি চাহু, ইমানোৱেল কিন্ডপাৰচাং তামাং । ২টা ব্ৰঞ্জ লাভ কৰে ময়ুৰী হাতিবৰুৱা, প্ৰজ্ঞ্যা বড়া, পল্লৱ শইকীয়া, কৌশিক কুমাৰ শৰ্মা, আয়ুশী দাস, প্ৰিঞ্চ বৰুৱা আৰু নৱজ্যোতি বড়াই । উকাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে সেইসকল খেলুৱৈক যিসকলে আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ সু নামৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়ায় আনিলে । সুৰজ কোঁৱৰ ৰূপৰ পদক প্ৰাপ্ত, পুৰস্কাৰ হিচাপে ১০ হাজাৰ টকাৰ আগবঢ়ায় আৰু কিআ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আয়ুশী দাস ৰূপৰ পদক প্ৰাপ্ত, পুৰস্কাৰ হিচাপে ৩ হাজাৰ টকা আগবঢ়ায় । আনহাতে অনিতা গোৱালাই সফলতাৰে ৰাষ্ট্ৰীয় ফেডাৰেচন, কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেচনৰ জা’জ “এ” স্তৰ(কাটা আৰু কুমিটে)বিভাগত উত্তীৰ্ণ হয় ।