
পদত্যাগ কৰিছে ৰাইজৰ দলৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে।
তীব্ৰ মনোমালিন্য আৰু অথন্তৰ ঘটিছে ৰাইজৰ দলৰ মাজত।
যাৰ বাবে ভঙ্গৰ দিশে গতি কৰিছে ৰাইজৰ দলৰ লখিমপুৰ জিলা সমিতি।
জানিব পৰা মতে ৰাইজৰ দলৰ সভাপতি ভৰত ৰাজখোৱা আৰু সাধাৰণ সম্পাদক আব্দুল খালেকে ব্যক্তিগত কাৰনত পদত্যাগৰ কথা ঘোষনা কৰিছে যদিও জিলা সমিতিৰ ভিতৰ চ’ৰাত যে কিবা অথন্তৰ ঘটিছে সেইয়া নিশ্চিত।
আৰু আমাৰ হাতত আহি পৰা তথ্য মতে আৰু কেইবাজনো জিলা সমিতিৰ নেতাৰ লগতে নাওবৈচা সমষ্টি কমিটীৰ বিষয়ববীয়াই পদত্যাগ কৰিব।