
যিসকল ভক্তই ব্ৰত ৰাখি পূজা কৰিব খোজে তেওঁলোকে পুৱা উঠি ঘৰৰ চৌহদ পৰিস্কাৰ কৰি শৰীৰ- মন দুয়োটা পবিত্ৰতাৰে ৰাখি দিনতো উপবাসে থাকিব লাগে । ঘৰৰ মূল দুৱাৰৰ ওচৰত সেন্দুৰে আল্পনা আঁকিব লাগে।
মূল প্ৰবেশ দ্বাৰত লক্ষ্মীৰ ভৰিৰ চিহ্ন অংকন কৰিব লাগে। সন্ধিয়া ঘৰৰ পদুলি মুখত চাকি দিয়াৰ উপৰিও চোতালতো চাকি জ্বলাব লাগে। ঘৰখন বাহিৰে ভিতৰে পোহৰেৰে জাক-জমকিয়া কৰি আলোকিত কৰি ৰখিব।
পূজা কৰাৰ নিয়মঃ— ঘৰত পুৰোহিত আনি পূজা পালন কৰিব পাৰে নাইবা ঘৰতে মূল গৃহিনীয়ে নিজেই লক্ষ্মী পূজা কৰিব। মন কৰিব যিসকলৰ সোণ ৰূপ বা আন ধাতুৰ লক্ষ্মী মূৰ্ত্তি আছে তেওঁলোকে পঞ্চামৃতৰে মূৰ্ত্তি স্নান কৰাই ল’ব। লক্ষ্মী দেৱীৰ মূৰ্ত্তিৰ গণেশ ভগৱনকো ৰাখিব। পূজাৰ সময়ত অৰ্থাৎ সন্ধিয়া বেলিকা লক্ষ্মী মাৰ মূৰ্ত্তি বা ফটোৰ সন্মুখত ধূপ-চাকি লগাই এটা মাটিৰ ঘট বা পিতলৰ ঘটত পানীপূৰ্ণ কৰি ঘটটোৰ মুখত একেলগে থকা আম পাত দি তাৰ ওপৰত এটা নাৰিকল ৰাখিব লাগে আৰু ৰাখিব কিছু ফুল আৰু এটা মুদ্ৰা। আম পাতত তেল মিহলোৱা সেন্দুৰৰ ফোঁট দি লব । ঘটটোৰ গাঁত বগা কাপোৰ এখনৰে বান্ধি ওপৰভাগত স্বাস্তিক আঁকি লব লাগে। ঘটটো ৰখা ঠাইত হালধী, আটা, সেন্দুৰৰে সৰুকে ৰংগলী আঁকি কেইটামান চাউল দি ঘট প্ৰতিষ্ঠা কৰিব লাগে। তাৰ কাষতে এটা খৰাহীত অলপ চাউল বা ধান লৈ ২১ বা ৩১ বা ৪১ টকা লৈ এনে বিজুৰীয় সংখ্যাৰে মাননী ৰাখিব। এখন থালিত ফুল , দূবৰি, তামোল পাণ এযোৰা লগত ৰাখি কাষত শৰাই ৰাখিব লাগে। লক্ষ্মী দেৱীৰ ৰঙীন ফুল বহু প্ৰিয়, পূজাত পদুম ফুল অপৰিহাৰ্য্য ,যিহেতু তেওঁৰ আসন হৈছে পদুম ফুল।শেৱালী ফুলো লক্ষ্মীৰ প্ৰিয় ফুল বুলি জনা যায়। নৈবদ্যত থাকিব লগিয়া বস্তু সমূহৰ ভিতৰত থুৰিয়া তামোল, ঘিউ, চেনী, বুট, মগু, নাৰিকল, ফল-মূল, পায়সৰ ভোগ প্ৰধান। নৈবদ্য আগবঢ়াওঁতে তলত এখন কলপাত আৰু ওপৰত এখন কলপাত দিব লাগে ৷
প্ৰথম গণেশ দেৱতাক আৰাধনা কৰি ধ্যান মন্ত্ৰৰে ধ্যান কৰি দেৱীৰ প্ৰতিমা বা ফটোত মন্ত্ৰৰে পুষ্পাঞ্জলী অৰ্পন কৰি প্ৰণাম মন্ত্ৰ আৰু লক্ষ্মীদেৱীৰ স্তৱ পাঠ কৰিব লাগে। তাৰ পিছত লক্ষ্মী দেৱীৰ অষ্টোত্তৰ শতনাম আৰু লক্ষ্মী চৰিত তথা পাঁচালী পাঠ কৰি অন্তত লক্ষ্মী নাম গাব পাৰে। এই সকলোখিনি লক্ষ্মী চৰিত খনতে আছে । শেষত সেৱা জনাই ঘৰৰ বিভিন্ন মূল স্থানত সেন্দুৰৰ ফোঁট লগতে ঘৰৰ সকলোকে সেন্দুৰ ফোঁট দি নিজেও লব লাগে।
মাৰ ওচৰত ঘিউ চাকি লগালে দেৱীৰ বাওঁফালে আৰু তেলৰ চাকি লগালে সোঁফালে লগাব লাগে ৷ ধান, দূবৰী বন আৰু ৰঙীন ফুল লক্ষ্মী দেৱীৰ প্ৰিয় বুলি কোৱা হয়। লগতে তিনপতিয়া বেলপাত মাৰ চৰনত দিব লাগে। পঞ্চপত্ৰ(আমপাত, দুবৰীপাত, ধানগছৰ পাত,পাণ, কলপাত) পূজাৰ অবিচ্চেদ্য অংগ বুলি কয়। মা লক্ষ্মীৰ ভোগ বনাওঁতে লোৰ বাচন ব্যৱহাৰ কৰিব নালাগে।
লক্ষ্মী পূঁজা প্ৰধানতঃ— মূল গৃহিনী গৰাকীৰ বুলি জনা যায় যদিও ঘৰখনৰ প্ৰত্যেকজন সদস্যই ব্ৰতত থাকি পূজাৰ কৰ্মত অংশীদাৰ হ’ব পাৰে। অসুখীয়া, গৰ্ভৱতী আৰু কৰ্মৰত বা আন অসুবিধা সকলে ব্ৰত ৰাখিব নালাগে।
দেৱীক সুস্থ, শান্তভাৱে ভক্তিভাৱৰে সাধ্য অনুসৰি পূজা আগবঢ়ালেই দেৱী সন্তুষ্ট হয়।