লংকাৰ নখুটী গাওঁ পঞ্চায়তৰ মিত্ৰজোঁটৰ কাউনচিলাৰ পদৰ প্রাৰ্থী চালেহা বেগমৰ হৈ বিধায়ক শিবু মিশ্ৰৰ নিৰ্বাচনী প্রচাৰ সভা।ৰাইজৰ আশীর্বাদত ১০০ শতাংশ সকলো স্তৰতে জিকিব বিজেপিৰ প্ৰাৰ্থী চালেহা বেগম।ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই উত্তপ্ত হৈ উঠিছে ইয়াৰ নিৰ্বাচনী প্রচাৰ অভিযান ৷বিশেষকৈ দিনে-নিশাই শাসকীয় বিজেপি দলৰ আৰু বিৰোধী দলৰ কংগ্ৰেছৰ মন্ত্রী, সাংসদ,বিধায়ক তথা ৰথী – মহাৰথীয়ে যুদ্ধংদেহী তৎপৰতাৰে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত।
