লংকাৰ উদালিত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি উদালি উন্নয়ণ খণ্ডৰ অন্তৰ্গত পশ্চিম উদালি গাওঁ পঞ্চায়তৰ ২ নং ৰামনগৰত দীলাৰা খাটুন নামৰ মহিলা গৰাকী নামত এটা প্ৰধান মন্ত্ৰী আৱাস গৃহ অনুমোদন হৈছিল।মহিলা গৰাকী সকলো নথি পত্ৰ থিকেই আছিল যদিও দীলাৰা খাটুনৰ পৰিবৰ্তে দীলাৰা হুছেইন আহিল।।ইয়াৰে সুযোগ গ্ৰহণ কৰি ২নং ৰামনগৰৰ যুৱ কংগ্ৰেছৰ নেতা গিয়াছ উদ্দিনে উপাধিটো শুদ্ধৰাই দিয়াৰ নামত দীলাৰা খাটুন নামৰ মহিলা গৰাকীৰ পৰা ১০০০০ হাজাৰ টকা দাবী কৰি। দৰিদ্ৰ মহিলা গৰাকীয়ে বিছৰা ধন দিবলৈ অপাৰগ হোৱাত গিয়াছ উদ্দিন নামৰ দালাল জনে পঞ্চায়ত টোৰ বিষয়া কৰ্মচাৰী লগত মিলি নিজ ভাতৃ দীলাৰা হুছেইনৰ একাউণ্টত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ধন সোমোয়াই আত্মসাৎ কৰে।

মহিলা গৰাকীয়ে পুনৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আবেদন কৰাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে।মনকৰিব লগা যে উপাধি বাহিৰে সকলো নথি পত্ৰ শুদ্ধ থকাৰ পাছতো কেনেদৰে জালিয়াতীৰে এই বৃহৎ পৰিমাণৰ ধন সৰকাই লৈ গল সেয়া কিন্তু চিন্তনীয় বিষয় হৈ পৰিছে।। ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক, মুখ্যমন্ত্ৰী ৰ দুৰ্নীতিৰ নিবাৰক শাখা, হোজাই জিলা আয়ুক্ত আৰু হোজাই জিলা আৰক্ষী অধীক্ষকক ঘটনাৰ সম্পৰ্কে‌ তদন্ত বিছাৰি আবেদন কৰিছে।

ইতিমধ্যে হোজাই আৰক্ষীয়ে গোছৰ নং ৩৪/২০২৫ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/৪৬৮/৪৭১/৩৪ ধাৰাত এক জামিনবীহীন গোছৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও মুল অভিযুক্ত গীয়াছ উদ্দিন পলাতক আছে বুলি জানিব পৰা গৈছে।। ইফালে পঞ্চায়ত টোত চৰকাৰী আৱাস যোজনাৰ অধিনত মৃত্যু হোৱা লোকৰ নামতো ধন আত্মসাৎ কৰাকে ধৰি বহু দুৰ্নীতিৰ অভিযোগ আনিছে স্থানীয় ৰাইজে।