বাৰমাইলৰ এগৰাকী মহিলাই দিয়া অভিযোগৰ ভিত্তিত যোৰাবাটৰ লগতে মহানগৰীৰ ভিন্ন স্থানৰ পৰা আটক কৰে চাৰিজনীয়া ডকাইতৰ দলটোক । ধৃত ডকাইতকেইটা সোণাপুৰৰ গৌতম মেধি, বশিষ্ঠৰ অশোক সাহ ওৰফে বিকি, নলবাৰীৰ প্ৰণৱ ডেকা আৰু কৰণ চকোৱা । ডকাইতকেইটাৰ পৰা ৫টা ম’বাইল আৰু ১ টা গাড়ীৰ বেটাৰী উদ্ধাৰ । ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত