ডিজিটেল ডেস্ক/সোণাপুৰ , ৰমেশ দাস , ২১ মে’ — মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১১ মাইলত বৃহস্পতিবাৰে পুৱতি নিশা এখন অচিনাকী বাহনৰ খুন্দাত এজন অচিনাক্ত লোকৰ মৃত্যু হয় । কলা ৰঙৰ হাফ পেন্ট পৰিহিত প্ৰায় ৩৫ বছৰীয়া লোকজন এতিয়ালৈ চিনাক্ত হোৱা নাই । পুৱা ঘটনাস্থলীত যোৰাবাটৰ যান-বাহন আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । বৰ্তমান লোকজনৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ মৰ্গত ৰখা হৈছে ।
