
নিউজ ডেস্ক : ৰাজ্যত এতিয়া চলিছে ড্ৰাগছ বিৰুধী অভিযান। তাৰ মাজতে ন ন কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰি গৈছে ড্ৰাগছ। আজি পুনৰ যোৰাবাটত জব্দ হয় কেইবাকোটি টকা মুল্যৰ ড্ৰাগছ। মহানগৰীৰ পূৱ আৰক্ষী উপ আয়ুক্ত সুব্ৰজ্যোতি বৰা আৰু যোৰাবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যৌথ অভিযানত জব্দ কৰা হয় ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা গুৱাহাটী লখৰা অভিমুখে আহি থকা অৱস্থাত এ এছ ০১ ডি ডি ৯১৯২ নম্বৰৰ এখন ট্ৰাকত জব্দ কৰা হৈছে এই ড্ৰাগছ। খালী ট্ৰাকখনত তেলৰ টেংকীত গোপনে অনা হৈছিল প্ৰায় ১০ কোটি টকা মুল্যৰ ২০৫ পেকেট ড্ৰাগছ। ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালক দিপক চৰকাৰ আৰু হেণ্ডিমেনক আটক কৰি তদন্ত আৰম্ভ কৰিছে।