sangbad lahar logo

যোৰহাট বিজ্ঞান আৰু কাৰিকৰী প্ৰতিষ্ঠানত পুনৰ নিলম্বন ছয় কৰ্মচাৰীক …

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্টত অবৈধ ভাৱে নিযুক্তি প্ৰদান কৰা তিনিগৰাকী মহিলা কৰ্মচাৰীক কাৰিকৰী শিক্ষা সঞ্চালকালয়ে ২৪ জুনত বৰ্খাস্ত কৰাৰ পাছত এক নিৰ্দেশ যোগে কালি পুনৰ ছগৰাকীকৈ কৰ্মচাৰীক নিলম্বন কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠান খনৰ অধ্যক্ষ ড° বিবেকানন্দ চৌধুৰী, বিতৰ্কিত সহযোগী অধ্যাপক ড° চন্দ্ৰ চুতীয়া আৰু ঠিকাদাৰ অমল চন্দ্ৰ বৰাৰ খেয়ালখুচি মতেই পূৰ্বে বৰ্খাস্ত কৰা কেইগৰাকীৰ আছিল নৱনিতা বৰঠাকুৰ, বিদ্যাৰ্থী বৰা, অজন্তা দত্ত।
ইফালে উচ্চ শিক্ষা সঞ্চালকালয়ে শেহতীয়াকৈ আৰু ছগৰাকী ব্যক্তিক চাকৰিৰ পৰা আজি অব্যাহতি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে যদিও বৰ্খাস্ত কৰা বুলি চৰ্চিত মানস প্ৰতিম গগৈ, হেমন্ত গগৈ, আৰু মুকুল গগৈয়ে এই ক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰিছে। প্ৰতিস্থানখনত ২০১৩ চনৰ পৰা সংঘতিত হৈ থকা দুৰ্নীতি সমূহ তদন্তৰ বাবে তদন্ত আয়োগ গঠন কৰাৰ লগতে প্ৰতিষ্ঠান খনৰ শেহতীয়াকৈ বৰ্খাস্ত কৰা আটাইকেইগৰাকীৰ লগতে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ তদন্তৰো দাবী জনাইছে কাকজান আছুৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *