
নিউজ ডেস্ক : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে চিআৰপিএফৰ অমৃত মহোৎসৱ। এই মহোৎসৱৰ অংশ হিচাপে যোৱা ৩১ আগষ্টত যোৰহাটৰ পৰা দিল্লী ৰাজঘাটলৈ চাইকেল ৰেলী উলিওৱা চিআৰপিএফৰ ৩০নং বেটেলিয়নৰ দলটোৱে শুক্ৰবাৰে দুপৰীয়া ৰহাত উপস্থিত হয়। ৰহাত দলটোৱে ঐতিহাসিক জোঙাল বলহু গড়ত জোঙাল বলহুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্থানীয় লোকৰ লগতো মত বিনিময় কৰে। দলটোৱে নিশা জাগীৰোডত কটাব। ২ অক্টোবৰত দলটো দিল্লীৰ ৰাজঘাটত উপস্থিত হ’বগৈ।