
নিউজ ডেস্ক : যোৰহাটৰ নিমাতীঘাটত দুৰ্ঘটনাত পতিত ফেৰী। মালবাহী আৰু যাত্ৰীবাহী ফেৰীৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়াবহ দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰত ডুব গল যাত্ৰী কঢ়িওৱা ফেৰীখন,নিমাতীঘাটৰ পৰা কমলাবাৰী অভিমুখে ফেৰীখন গৈ আছিল বুলি জানিব পৰা গৈছে। এতিয়াও ৪০-৫০জন যাত্ৰী সন্ধানহীন অৱস্থাত। কেমেৰাত আবদ্ধ শিহৰণকাৰী দৃশ্য । ফেৰীখনত ২০০তকৈ অধিক যাত্ৰী থকাৰ সন্দেহ কৰা হৈছে।