sangbad lahar logo

যোৰহাটত অচিনাক্ত দুবৃত্তই কনিষ্ঠ চিকিৎসক হত্যা ।

ডিজিটেল ডেস্ক সংবাদ লহৰঃ– যোৰনগৰত সংঘটিত হৈছে এক শিহৰণকাৰী হত্যাকাণ্ড । ঘৰৰ মজিয়াত পৰি ৰৈছে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা এটি নিথৰ মৃতদেহ ।মজিয়াত পৰি থকা এই যুৱকজন পেচাত কনিষ্ঠ চিকিৎসক । নাম ডাঃ ৰাহুল বসুমতাৰী । ওদালগুৰিৰ এই কনিষ্ঠ চিকিৎসকজনে কৰ্মসূত্ৰে যোৰহাট চন্দন নগৰত ভাড়াতীয়া হিচাপে থাকি জে কে মেমোৰিয়েল শইকীয়া হোমিওপেথিক মহাবিদ্যালয়ত কাৰ্য্যনিৰ্বাহ কৰি আহিছিল যদিও যোৱা নিশা কোঠাৰ ভিতৰতে কোনো অচিনাকী দুৰ্বৃত্তই চিকিৎসক ৰাহুল বসুমতাৰীক চোকা অস্ত্ৰৰে অতি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায় । ইতিমধ্যে ঘটনাস্থলীত লিচুবাৰী আৰক্ষী লগতে শীৰ্ষ আৰক্ষীবিষয়া উপস্থিত হৈ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে যদিওঁ বিগত ৪৮ ঘন্টাৰ ভিতৰত দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জিলাখনত এক আতঙ্কময় পৰিৱেশৰ সৃষ্টি কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *