
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে মৰিয়নী সমষ্টিত ৰাজনৈতিক দল সমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি সমষ্টিটোৰ পূব লাহিং গাঁও পঞ্চায়তৰ আদর্শ গাঁৱত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰত্নেস্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দেৱব্ৰত শইকীয়াই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এই চৰকাৰ খন থাকিলে ৰাইজে অকল পইতা ভাত খাই জীয়াই থাকিব লাগিব। তেওঁ ভাষণ প্ৰসংগত এই উপ নিৰ্বাচনত ৰূপজ্যোতিৰ পৰাজয় হ’ব বুলি উল্লেখ কৰে। প্ৰায় ডেৰ শতাধিক লোক উপস্থিত থকা সভাখনত কংগ্ৰেছৰ প্ৰাৰ্থী লোহিত কোঁৱৰ , অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, কংগ্ৰেছ নেত্ৰী পল্লৱী শইকীয়া, ৰাজলক্ষ্মী কোঁৱৰ আদিকে ধৰি বহু কেইজন নেতাই ভাষণ প্ৰদান কৰি লোহিত কোঁৱৰক জয়ী কৰাবৰ বাবে আহ্বান জনায়।