
ক্ৰমাৎ গৰম উঠিছে মৰিয়নিৰ উপনিৰ্বাচনৰ গৰম বতাহ, প্ৰচাৰ অভিযান সমাপ্ত হ’বলৈ মাজত মাথোঁ এটা দিন , আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৰিয়নিৰ হেমলাই মৰাণ গাওঁত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে, এই সভাত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, সঞ্জয় কিষাণ, নব দলে , সাংসদ কামাখ্যা প্ৰসাদ তাছা তথা বিজেপিৰ দলীয় কার্যকর্তা আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় , উন্নয়ন আৰু প্ৰগতিৰ ধাৰা ক্ষিপ্ৰতৰ কৰিবলৈ একমাত্ৰ বিজেপি দলৰ বাহিৰে গত্যন্তৰ নাই বুলি মত পোষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে !
48 Comments