
সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মৰিয়নীত অন্য দল সমূহৰ দৰে ৰাইজৰ দলে অভিযান তীব্ৰ কৰি তুলিছে। কালি নিশালৈকে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ দলৰ সভাপতি অখিল গগৈয়ে বহু কেইখন দলীয় সভাত ভাগ লয়। অখিল গগৈয়ে সভাসমূহত বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰা দেখা গ’ল। তেওঁৰ ব্যক্তব্যৰ মূল বিষয় সমূহ হ’ল কংগ্ৰেছ এতিয়া বিজেপিৰ বি টিম। মৰিয়নীটো বিজেপিৰ প্ৰাৰ্থী গৰাকীক জয় কৰাৰ স্বাৰ্থত কংগ্ৰেছে প্ৰদান কৰিছে দুৰ্বল প্ৰাৰ্থী। উপ-নিৰ্বাচনত ধৈৰ্য কোঁৱৰ আৰু সঞ্জীৱ গগৈক নিৰ্বাচিত কৰি পথালে বিধান সভাত তিনিও কঁপাই তুলিব হিমন্ত বিশ্ব শৰ্মাক। সভাসমূহত প্ৰাৰ্থী সঞ্জীৱ গগৈ উপস্থিত থাকি তেওঁ নিৰ্বাচিত হ’লে দুই বছৰৰ ভিতৰত ভূমিহীন লোকক ভূমি পত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।