sangbad lahar logo

মৰিগাওঁ বৰচলাত ভেজাল পেট্ৰল-ডিজেল ব্যৱসায়ী আটক

মৰিগাওঁ জিলা লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়ো আৰু বৰচলা আৰক্ষী বিষয়া ঋতুৰাজ দাসৰ নেতৃত্বত যুটীয়া ভাবে অভিযান চলাই বৰচলা পলাশজাৰিত হানান উদ্দিন নামৰ এজন ভেজাল তেল ব্যবসায়ীক আটক কৰে। জানিব পৰা অনুযায়ী প্ৰায় ৩ বছৰ আগৰে পৰা এই হানান উদ্দিনে এক তেল চুৰি চক্ৰ সৈতে জড়িত হৈ বিভিন্ন সময়ত কেৰাচিন তেল এইদৰে বিক্ৰী কৰাৰ অভিযোগ ৰাইজৰ ।পৰবৰ্ত্তী সময়ত এই হানান উদ্দিনে কেৰাচিন তেলত বিভিন্ন প্ৰকাৰৰ পাউদাৰ ব্যবহাৰ কৰি বহু লোকক পেট্ৰল আৰু ডিজেল হিচাপে অধিক দামত বিক্ৰী কৰি আহিছে। হানান উদ্দিনে এই কেৰাচিন তেলত কিছু ৰাসায়নিক পাউডাৰো ব্যবহাৰ কৰে বুলি জানিব পৰা গৈছে। এক গোপন সুত্ৰে এই কথা আৰক্ষীয়ে জানিব পাৰি নিশা এক অভিযান চলাই হানান উদ্দিনক গ্ৰেপ্তাৰ কৰা লগতে তেওঁ পৰা ২০০ ৰ পৰা ৩০০ লিটাৰ ১৫ টা ড্ৰাম সহ কিছু ৰাসায়নিক দ্ৰব্য উদ্ধাৰ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *