
দীপাৱালীত ব্যৱহাৰ কৰা কলগছ সমূহ চহৰৰ পৰা গোটাই বনৰীয়া হাতীৰ খাদ্য বাবে যোগান। মৰিগাঁও আগশাৰীৰ বেচৰকাৰী সংস্থা “সহায় অসমে” বিগত বাৰ বছৰ ধৰি মৰিগাঁও চহৰত দীপাৱালীত ব্যৱহাৰ হোৱা কলৰ গছ সমূহ দীপাৱালীৰ পিছৰ দিনা চাফা কৰাৰ লগতে এক গোট কৰি পবিতৰা অভয়াৰণ্যত বনৰীয়া হাতীৰ খাদ্য হিচাপে যোগান ধৰি আহিছিল। এইবাৰ ইয়াৰ ব্যতিক্ৰম নহ’ল, কিছু অসুবিধাৰ বাবে পবিতৰা অভয়াৰণ্যৰ পৰিবৰ্তে আমচৈ বনভোজ স্থলীৰ শিৱকুণ্ডত বনৰীয়া হাতীৰ বাবে যোগান ধৰিব এই কলগছ সমূহ। খাদ্যৰ অভাৱত জন অঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ লগত হোৱা হাতী মানুহৰ সংঘাত কিছু পৰিমাণৰ হলেও দূৰ হ’ব বুলি আশা কৰিছে সংগঠনটোৰ বিষয়ববীয়াই।