sangbad lahar logo

মৰিগাঁৱৰ জালুগুটিত একেদিনাই মৃত্যু দুজনকৈ শিক্ষকৰ। অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ।

মৰিগাঁও , ২৯ জানুৱাৰী– বৃহস্পতিবাৰে পুৱাই মৰিগাঁও জিলাৰ জালুগুটি বাসী ৰাইজৰ লগতে শিক্ষক সমাজলৈ আহিল এক দুঃখবৰ।মাছ খোৱা কাহিবাৰীৰ বিজ্ঞান শিক্ষক ধৰ্মেন্দ্ৰ নাথ আৰু নাই। এই খবৰে জালুগুটিৰ শিক্ষক সমাজৰ লগতে ৰাইজৰ মাজত এক শোক বাৰ্তা লৈ আহি এক শোকৰ ছাঁ পেলোৱাৰ সময়তে দুপৰীয়াৰ ভাগত আহিল আন এক দুঃখবৰ। প্ৰকৃতিপ্ৰেমী শিক্ষক,বৃক্ষৰোপনৰ ক্ষেত্ৰত এক দৃঢ় আগ্ৰহ থকা শিক্ষক, সকলোকে বৃক্ষ ৰোপন কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়াই অহা শিক্ষক আলহাজ মমতাজ আলী আৰু নাই। আৰু ইয়াৰ পাছতে গভীৰ শোকত ভাগি পৰে বহু ৰাইজ তথা শিক্ষক। উল্লেখ্য যে যোৱা বুধবাৰে উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ ঘৰলৈ উভতি আহিছিল শিক্ষক আলহাজ মমতাজ আলীদেৱ।কিন্তু অৱশেষত জীৱন নাট যুদ্ধখনত হাৰ মানি অজান দেশলৈ গুচি যায় বিশিষ্ট শিক্ষক গৰাকী। আৰু ইয়াৰ পাছতে একে দিনাই দুজনকৈ শিক্ষকক হেৰুৱাৰ বেদনাত গভীৰ শোকত সমগ্ৰ জালুগুটি বাসী। দুই শিক্ষকৰ এই মৃত্যুত শোক প্রকাশ অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জালুগুটি আঞ্চলিক সমিতিৰো। দুই শিক্ষকৰ আত্মাৰ সদগতিৰ কামনা কৰিছে মৰিগাঁৱবাসীয়ে ।

Related Articles

1 Comment

  • Phychorry , November 15, 2022 @ 4:49 am

    In women who received adjunctive screening with MRI after a negative mammogram and negative ultrasound, the recall rate was 23 43 generic cialis tadalafil

Leave a Reply

Your email address will not be published. Required fields are marked *