
মৰিগাঁও দীঘলবৰীৰ এইগৰাকী কৃষক তথা উদ্ভাৱক উদ্ধব দেউৰী। পূৰ্বে মাকৈ বীজ ৰোপণ আৰু কঠিয়া ৰোপণ কৰিব পৰাকৈ ঘৰতে দুটা যন্ত্ৰ তৈয়াৰ কৰিছিল উদ্ধব দেউৰীয়ে। সফল হৈছিল উদ্ভাৱক উদ্ধব, খৰছ আৰু মানুহ দুয়োটাই প্ৰয়োজন কমিছিল খেতি কৰিবলৈ। এই উদ্ধব দেউৰীয়ে এইবাৰ উদ্ভাৱন কৰিলে এটা বিশেষ যন্ত্ৰ, এই যন্ত্ৰই চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰিছে ধান। বায়ু কল নামেৰে নামাকৰণ কৰা যন্ত্ৰই পথাৰত মানুহ নোহোৱাকৈ খেদিব পাৰে শস্য নষ্ট কৰা চৰাই। সাধাৰণভাৱে ঘৰতে থকা পুৰণি ফেনৰ পাখি আৰু এখন পুৰণি প্লেট ব্যৱহাৰ কৰি সাজি উলিয়াইছে এই বায়ু বেল। যিকোনো দিশৰ পৰা অহা বতাহত ঘূৰিব এই পাখি কেইখন আৰু পাখি ঘূৰিলেই প্লেটত টং টং টং কৈ শব্দ হ’ব পৰাকৈ তৈয়াৰ কৰা হৈছে বায়ু বেল। টং টং শব্দ হোৱাত পথাৰত চৰাই চিৰিকটিৰ নপৰে আৰু শস্য নষ্ট নকৰে। বতাহ নোহোৱাৰ সময়ত ঘূৰিব পৰাকৈ চলাৰ প্লেট ব্যৱহাৰ কৰিছে এই বায়ু বেলত।পৰৱৰ্তী সময়ত এই বতাহত চলা পাখিৰ জৰিয়তে ভূ গৰ্ভৰ পানী উলিয়াৰ যন্ত্ৰ তৈয়াৰ কৰাৰ ইচ্ছা উদ্ভাৱক কৃষক উদ্ধব দেউৰীৰ। বিগত সময়চোৱাত দুটাকৈ মাকৈ আৰু ধানৰ কঠিয়া ৰোপণ কৰিব পৰাকৈ যন্ত্ৰ তৈয়াৰ কৰিছিল উদ্ধব দেউৰীয়ে।