
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শিক্ষা বিভাগৰ সৌজন্যত আৰু মাধ্যমিক বিদ্যালয়ৰ কাৰ্য্যালয় সহায়ক সন্থাৰ সহযোগত শনিবাৰে মৰিগাঁৱৰ পবিতৰা হাটত অনুষ্ঠিত হয় ৫৯ সংখ্যক শিক্ষক দিৱসৰ অনুষ্ঠান আৰু কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠান। মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰৰ সমুখত বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ বিদ্যালয় সংগীতৰ প্ৰথমখন সংকলন
“বিদ্যালয় সংগীত” উন্মোচন কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক তথা শব্দ ৰত্ন বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ড° নন্দ সিং বৰকলাই। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে ৰাজ্যৰ প্ৰথমখন শৈক্ষিক ই-পত্ৰিকা’প্ৰজ্ঞালিপি’ৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে মৰিগাঁও জিলা পৰিষদৰ
মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াই । শিক্ষক লেনিন ডেকাই আঁত ধৰা শিক্ষক দিৱসৰ এই অনুষ্ঠানত বাবুলাল হুছেইন, দীপক কুমাৰ মেধি, গোবিন্দ বৰা, ৰেখামণি বৰগোহাঞি, অনিল চন্দ্ৰ নাথ প্ৰমুখ্যে মৰিগাঁও জিলাৰ ২২ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান হয়। তদুপৰি হৰমোহন কলিতা, মুকুল শইকীয়া প্ৰমুখ্যে ১২ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে কৰ’না কালত শৈক্ষিক ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বাবে ভবেশ ঠাকুৰীয়া, মঞ্জু দত্ত, ৰাজীৱ চহৰীয়া,যুৱ শৰ্মা,ইনামুল হুছেইন, মানস প্ৰতীম পাটৰ প্ৰমুখ্যে ১১ গৰাকী শিক্ষকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈ মুখ্য সম্পাদক আৰু শিক্ষক ৰাজীৱ চহৰীয়া সম্পাদক, মঞ্জু দত্ত,ৰিজু শৰ্মা আৰু ৰণ্টুমনি শইকীয়া সম্পাদনা সহযোগী হিচাপে থকা এই “বিদ্যালয় সংগীত” সংকলনখনত মৰিগাঁও জিলাৰ শতাধিক বিদ্যালয়ৰ সংগীত সন্নিবিষ্ট কৰা হৈছে।