
কৰ্মসূত্ৰে দেশৰ বিভিন্ন স্থানত কৰ্মত থাকোতে নিজৰ প্ৰাণক তুচ্ছজ্ঞান কৰি বুকুত গুলীবিদ্ধ হৈ শ্বহীদ হোৱা মৰিগাঁও জিলাৰ তিনি শ্বহীদ বীৰ ক্ৰমে সুশীল সেনাপতি, বীৰবল পাটৰ আৰু লক্ষেশ্বৰ বণীয়াৰ নামত আনুষ্ঠানিকভাৱে তিনিটা পথ নামাকৰণ কৰা হয়। বাৰপূজীয়া সুশীল সেনাপতি ১৯৯৯ চনৰ ৩ নৱেম্বৰ তাৰিখে মনিপুৰত উগ্ৰপন্থীৰ লগত হোৱা এটা সংঘৰ্ষত শ্বহীদ হৈছিল। শ্বহীদ সুশীল সেনাপতি নামত বাৰপূজীয়া নিজ মিকিৰ গাঁৱত এটি পথ নামাকৰণ কৰিছে। উদৰীৰ লক্ষেশ্বৰ বণীয়া ১৯৯৭ চনৰ ১৩ জুন তাৰিখে মনিপুৰৰ উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছিল, শ্বহীদ জনৰ নামত নিজ গাঁও উদৰীত এটা পথ নামাকৰণ কৰা হৈছে। মাজৰবৰী গাঁৱৰ নায়ক বীৰবল পাটৰ ১৯৯৪ চনৰ ৭ নৱেম্বৰ তাৰিখে মনিপুৰৰ চানপুৰত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল, তেওঁৰ নামতো মাজবৰীত এটা পথ নামাকৰণ কৰা হৈছে। মৰিগাঁৱস্থিত কেন্দ্ৰীয় অৰ্ধসামৰীক বাহিনী ১২৮ নং বেটেলিয়নে আয়োজন কৰা নামাকৰণ অনুষ্ঠানত বেটেলিয়াটোৰ কামাণ্ডেণ্ট আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকে।