
মৰিগাঁও আৰক্ষীয়ে দেওঁবাৰৰ নিশা অভিযান চলাই আটক কৰে এক জুৱাৰীৰ দল৷ নগদ ধন সহ আটক ৪ জনকৈ জুৱাৰীক৷ আৰক্ষী হাতৰ পৰা পলায়ন জুৱাৰী আৰক্ষী বসন্ত বৰা৷ মৰিগাঁও আৰক্ষীৰ এটা দলে এক গোপন তথ্যৰ ভিত্তিত চহৰৰ খনৰ ফুলবাৰীত এটা বাসগৃহৰ ভিতৰত চলি থকা জুৱাৰ ঘাটিত অভিযান চলাই৷ অভিযান কালত ৬ জনকৈ লোকে বাসগৃহৰ ভিতৰত জুৱা খেলি থকা প্ৰত্যক্ষ কৰে যদিও আৰক্ষীক দেখি জুৱাৰীৰ দলটোৱে বিভিন্ন অজুহাট দেখুৱাই পলায়ন কৰিবলৈ চেষ্টা কৰে৷ কোনোবাই যদি শৌচালয় আৰু কোনোৱে আকৌ বিচনাত টোপনিৰ ভাওঁ৷ আৰক্ষীয়ে শৌচালয়ৰ দুৱাৰ ভাঙি উলিয়াই আনিলে জুৱাৰীক ৷ আনহাতে আৰক্ষীৰ হাতৰ পৰাই ২ জনকৈ জুৱাৰী পলায় সাৰিবলৈ সক্ষম হয় যদিও ইয়াৰে এজন আৰক্ষী বিভাগত কৰ্মৰত ৷ অৰ্থাৎ আৰক্ষীৰ হাতৰ পৰাই পথাৰে পথাৰে দৌৰি পলায়ন জুৱাৰী আৰক্ষীৰ৷ উল্লেখ যে জুৱাৰী দলটোত প্ৰায় সকল ব্যক্তিয়ে আছিল চৰকাৰী কৰ্মচাৰী৷ মৰিগাঁও সদৰ থানাত আটকাধীন জুৱাৰী ৪ জনক ইতিমধ্যো সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে