sangbad lahar logo

মৰিগাঁৱত কৰ্কট ৰোগৰ সজাগতা আৰু বিনামূলীয়া পৰীক্ষা নিৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । অনুষ্ঠানত উপস্থিত থাকে প্ৰবীণ শিল্পী মনিষা হাজৰিকা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁও বি এড কলেজৰ অধ্যক্ষা ডলী বৰগোহাঁইৰ লগতে জিলাখনৰ বহুকেইজন বিশিষ্ট ব্যক্তি ।

মৰিগাঁও বি এড কলেজ আৰু IQAC ৰ উদ্যোগত আৰু দ্বীপশিখা ফাউণ্ডেশ্যন ও মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁও বি এড কলেজৰ প্ৰেক্ষাগৃহত কৰ্কট ৰোগৰ সজাগতা আৰু বিনামূলীয়া পৰীক্ষা নিৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ।
উক্ত শিবিৰত বিশিষ্ঠ অতিথি হিচাপে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি কৰ্কট ৰোগৰ কাৰক, প্ৰতিৰোধ আদিৰ বিষয়ে উপস্থিত ৰাইজ, ছাত্ৰ-ছাত্ৰীসকলক আগত সজাগতামূলক বক্তৃতা দিয়ে ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰবীণ শিল্পী মনিষা হাজৰিকা, মৰিগাঁও বি এড কলেজৰ অধ্যক্ষা ডলী বৰগোহাঁইৰ লগতে জিলাখনৰ বহুকেইজন বিশিষ্ট ব্যক্তি ।

Related Articles