মৰিগাঁও পচতীয়া ২ নং ৱাৰ্ডৰ এটা ভাড়াগৃহত আত্মীয়লোকে খবৰ লব আহি প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহ । লগতে আত্মীয়ই জানিবলৈ দিয়া মতে মৃত মহিলাগৰাকী উলংগ অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷
জানিব পৰা অনুসৰি, মৃত মহিলাগৰাকীৰ নাম নীকিতা দেৱী, বয়স প্ৰায় 25 বছৰ । আনহাতে, মহিলাগৰাকীৰ ১ মহীয়া কেঁচুৱাটি আঘাতপ্ৰাপ্ত হয় বুলি জানিব দিয়ে ।
স্বামী কৰ্মসূত্ৰে মৰিগাঁও চিনেমা হলত নিশা চকীদাৰৰ কাম কৰে । কালি নিশাও স্বামী নথকা অৱস্থাতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব দিয়ে মৃত মহিলাগৰাকীৰ স্বামীয়ে ৷
ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৷