sangbad lahar logo

মৰিগাঁও জিলা শিক্ষা বিভাগৰ প্ৰশংসনীয় পদক্ষেপ।

অৱসৰৰ এদিন আগতে পেঞ্চনৰ সকলো সা সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে অৱসৰী শিক্ষকক।অসম চৰকাৰৰ মূখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ ভিত্তিত চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনি ‘কৃতজ্ঞতা ‘ আঁচনিৰ অধীনত মৰিগাঁও শিক্ষা জিলা প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ নগাবান্ধা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক খাইৰুল ইছলাম বিগত মাহৰ ৩১ অক্টোবৰত চাকৰি কাৰ্যকালৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ এদিনৰ আগতে পেঞ্চনৰ সকলো যাৱতীয় কৰ্ম মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে সম্পন্ন কৰি শিক্ষক খাইৰুল ইছলামৰ হাতত পেঞ্চনৰ সুবিধা প্ৰদান কৰে। এনেদৰে পেঞ্চনৰ সুবিধা পাবলৈ সক্ষম হোৱাত অৱসৰী শিক্ষক খাইৰুল ইছলামে চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *