Skip to content
মৰিগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন
Home - Education - মৰিগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন
ডিজিটেল ডেস্ক, ১০ জুলাই: সমাগত দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত আয়োজন কৰা হৈছে এলানি প্ৰতিযোগিতা।সেই অনুসৰি ১৪ আগষ্টত আয়োজন কৰা হৈছে মুকলি অনলাইন কুইজ প্ৰতিযোগিতা । আনহাতে ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত আয়োজন কৰা হৈছে অনলাইন ৰচনা প্ৰতিযোগিতা। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এই প্ৰতিযোগিতাৰ বিষয়: ভাৰতীয় স্বাধীনতা আন্দোলন আৰু নৱম-দশম শ্ৰেণীলৈ ৰচনা প্ৰতিযোগিতাৰ বিষয় স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান। প্ৰতিযোগী সকলে ১১ আগষ্টৰ ভিতৰত ৰচনা পঠিয়াব লাগিব। তদুপৰি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।প্ৰতিযোগীসকলে ১১ আগষ্টত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অংকন কৰা চিত্ৰ জমা দিব লাগিব। ইয়াৰ উপৰিও বন্দে মাতৰম্ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা, দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা, গীতৰ যুগলবন্দী প্ৰতিযোগিতাৰ লগতে জাগীৰোড মহাবিদ্যালয়ৰ পৰিচালনাত তৰ্ক প্ৰতিযোগিতা আৰু মৰিগাঁও মহাবিদ্যালয়ৰ পৰিচালনাত আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে। উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাৰ সন্দৰ্ভত অধিক জানিবলৈ প্ৰতিযোগী সকলে ৯৯৫৭০১৩৪৩২, ৮৭৫১০০৬৯২৪, ৯৫০৮৮৭৪৯৭৫, ৮৭৬১০২১৫৫৩ আৰু ৯৪৩৫০৫১৭৮৮ এই নম্বৰত যোগাযোগ কৰিব পাৰিব।