sangbad lahar logo

মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

ডিজিটেল ডেস্ক, ১৪ ছেপ্তেম্বৰ : সদৌ অসম কবি সন্মিলনৰ কবিতাক মানুহৰ প্ৰিয়তম সম্পদ হিচাপে গঢ়ি তোলা আন্দোলনৰ অন্যতম সহযাত্ৰী মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে উদযাপন কৰা হয়। পুৱা ৯ঃ৩৫ বজাত মৰিগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা তথা পথাৰ আৰু পৃথিৱীৰ কবি ৰাম গগৈৰ সতীৰ্থ কবি কল্পদ্ৰূম জয়ৰাম নাথে শিমলুগুৰি অংগণবাড়ী কেন্দ্ৰৰ প্ৰাংগণত পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি নাথে সদৌ অসম কবি সন্মিলনৰ জন্মলগ্নৰ স্মৃতি ৰূমন্থনৰ লগতে সতীৰ্থ কবি সকলক সুঁৱৰি আৱেগিক হৈ পৰে। পতাকা উত্তোলনস্থলীত সমবেত সকলে কাব্যমন্ত্ৰ উচ্চাৰণ কৰে। প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন ,পুস্পাঞ্জলি অৰ্পণ কাৰ্যসূচী ৰূপায়ণৰ লগতে ৰাম গগৈ ,জয়ৰাম নাথ আৰু জিলা কবি সন্মিলনৰ সভাপতি অশোক ডেকাৰ একোটিকৈ কবিতা পাঠ কৰে জিলা সম্পাদক ভৱেন চন্দ্ৰ নাথে। আনহাতে মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিয়লি পাঁচ বজাত জুম এপৰ জৰিয়তে ৰূপায়ণ কৰা হয় এক বিশেষ কাৰ্যসূচী ‘কাব্যযাত্ৰা’। নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মাৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি জয়ন্ত হাজৰিকাৰ এটা চিৰসেউজ গীত পৰিৱেশন কৰি শুভাৰম্ভ কৰে সদৌ অসম কবি সন্মিলনৰ আবৃত্তি উপ সমিতিৰ সভাপতি তথা মৰিগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি ড° উৎপল নাথে। মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ভৱেন চন্দ্ৰ নাথে আঁত ধৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ নতুন কবিতাৰ সম্পাদক মদাৰ জ্যোতি , কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতীয়ে মৰিগাঁও জিলা কবি সন্মিলন গঠনৰ স্মৃতি সুঁৱৰি প্ৰতিষ্ঠা কালত উদ্যোগ গ্ৰহণ কৰা ব্যক্তি সকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰি চমু বক্তব্য প্ৰদান কৰে। তদুপৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মাধৱ চন্দ্ৰ ডেকা, জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক ৰাজীৱ চহৰীয়া,কলং- কপিলী শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি লুইত অণিৰূদ্ধ, তীৰ্থ বৰুৱা,পাৰ্থপ্ৰতীম বৰা,আজমিন চুলতানা প্ৰমুখ্যে বিশিষ্ট সকলে কবিতা পাঠ আৰু মৰিগাঁও জিলা কবি সন্মিলনৰ তিনিবছৰীয়া পৰিক্ৰমা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অশোক ডেকাই শুভেচ্ছা বাৰ্তা প্ৰেৰণেৰে অনুষ্ঠানত অংশগ্ৰহণ কৰে।আনহাতে কথা,কবিতা আৰু গীতেৰে সজোৱা ‘কাব্যযাত্ৰা’ শীৰ্ষক এই বৰ্ণিল অনুষ্ঠানত লোক সংস্কৃতিৰ গৱেষক,কবি ডঃ উৎপল নাথ,বিশিষ্ট কবি মদাৰ জ্যোতিৰ আবৃত্তি, শিল্পী মনজিতা শৰ্মা কাকতি,লুইত অনিৰূদ্ধই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দুটা কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে। উল্লেখযোগ্য যে, ২০১৭ চনৰ ১৩ছেপ্তেম্বৰৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীত গঠন হোৱা মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সোণালী ক্ষণত বিগত সময়ৰ স্মৃতিৰ ৰূপলেখ এটি জুম এপৰ জৰিয়তে আগবঢ়োৱা উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।সদৌ অসম কবি সন্মিলনৰ শীৰ্ষ গীত আৰু মৰিগাঁও জিলা কবি সন্মিলনৰ শীৰ্ষ গীতটিৰ শ্ৰব্য সংযোজনেও অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। এই অনুষ্ঠানত গজেন্দ্ৰ পাতৰ,অসীম কুমাৰ নাথ,জুনটি কুমাৰ নাথ প্ৰমুখ্যে কাব্যপ্ৰেমী সকলেও অংশগ্ৰহণ কৰে। কাব্যমন্ত্ৰ পাঠেৰে সন্ধিয়া ৭ঃ১৫ বজাত অনুষ্ঠানটিৰ সামৰণি পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *