sangbad lahar logo

মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা দুই সৰবৰাহকাৰীসহ তেৰ লক্ষাধিক নকল টকা জব্দ

ডিজিটেল ডেস্ক , ৯ জুলাইঃ- স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা । মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাৰ নেতৃত্বত শনিবাৰে চলিছিল এক অভিযান। এই অভিযানত মৰিগাঁও জিলাৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলীত ১৩ লাখ ৪০ হাজাৰ নকল টকা জব্দ কৰে। নকল টকাৰ সৈতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা নকল টকা সৰবৰাহকাৰী লোক দুজন ক্ৰমে ছিৰাজুল হক আৰু নুৰুল আমিন। উল্লেখযোগ্য যে, পলায়নৰ চেষ্টা কৰা দুই নকল টকা সৰবৰাহকাৰীক দুই জাই গুলি ফুটাই আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰে মৰিগাঁও আৰক্ষীয়ে। মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ড° নন্দ সং বৰকলাৰ নিজা অভিযানত ধৰা পৰে নকল টকা সৰবৰাহকাৰী দুটা। আৰক্ষীৰ জেৰাত সৰবৰাহকাৰী দুটাই দিয়া স্বীকাৰোক্তি মতে মাৰনাস্ত্ৰ কিনিবৰ বাবে ৰাখিছিল টকা খিনি। স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এনে স্বীকাৰোক্তিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *