sangbad lahar logo

মৰিগাঁওৰ কিডনী ব্যৱসায়ীৰ মূল অভিযুক্ত প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ ।

মৰিগাঁৱৰ দক্ষিণ ধৰমটুলৰ মানৱ দেহৰ অংগ কিডনীৰ বেহা চলোৱা মূল অভিযুক্ত প্লাৱন বৰঠাকুৰক চাৰি মাহৰ অন্তত গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে । সমগ্র ৰাজ্য তোলপাৰ লগোৱা কিডনী ব্যৱসায়ৰ লগত জড়িত মূল প্লাৱন বৰঠাকুৰ আত্মগোপন কৰি আছিল তামিলনাডুৰ কৈয়ামবাটুৰত । মৰিগাঁও আৰক্ষীয়ে অনুসন্ধান চলাই আছিল বিগত চাৰিমাহ ধৰি । আৰু অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষীয়ে প্লাৱনক । আজি মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে সংবাদ মেল যোগে অৱগত কৰে সকলো ঘটনাৰ ৰহস্য । অৱশ্যে আৰু এই ব্যৱসায়ীৰ লগত আৰু কোন কোন জড়িত আছে সেয়া আৰু অধিক অনুসন্ধানৰ পাছতহে অৱগত হ’ব বুলি জনাই তেওঁ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *