মৈৰাবাৰীৰ হাঁহচৰাত অবৈধ ভাবে গঢ়ি উঠা বজাৰ উচ্ছেদৰ দাবীত ৰাইজৰ প্রতিবাদ।

মৈৰাবাৰীৰ হাঁহচৰাত অবৈধ ভাবে গঢ়ি উঠা বজাৰ উচ্ছেদৰ দাবীত ৰাইজৰ প্রতিবাদ।
মৰিগাঁৱৰ মৈৰাবাৰীৰ হাঁহচৰাত প্ৰশাসনৰ অজ্ঞাতে নিতী বহিভূত ভাবে গঢ়ি উঠা এখন বজাৰ পৰিণত হৈছে মৃত্যু দ্ৰুতলৈ। অবৈধ ভাবে গঢ়ি উঠা বজাৰ খন বন্ধ কৰিবলৈ জিলা প্ৰশাসনে জাননী জাৰি কৰাৰ পিছতো একাংশ ব্যক্তিৰ ময় মতালিৰে চলাই আহিছে বজা খন।যাৰ বাবে চৰকাৰী ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিপদত পৰিছে প্ৰশাসন। অবৈধ ভাবে গঢ়ি উঠা বজাৰৰ বাবে হাঁহচৰাত নিতৌ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা।

দূৰ্ঘটনাৰ ফলত ইতিমধ্যে মৃত্যু হৈছে বহু কেইজন ব্যক্তি। যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে অনোমোদন দিয়া হাঁহচৰা দৈনিক নতুন বজাৰলৈ স্থান্তৰিত হবলৈ জাননি জাৰি কৰিছে প্ৰশাসনে।কিন্তু এটা দুষ্ট চক্ৰই নিজৰ মুনাফাৰ বাবেই বজাৰ খন স্থানান্তৰৰ ক্ষেত্ৰত দাদাগিৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে।ইফালে সচেতন ৰাইজে দালাল চক্ৰটোৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে।ইফালে ব্যক্তিগত ভূমিত অবৈধ ভাবে গঢ়ি উঠা বজাৰ খনক লৈ স্থানীয় ৰাইজৰ মন্তব্য। দুষ্ট চক্রটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি অবৈধ বজাৰ খন প্ৰশাসনে উচ্ছেদ কৰিব লাগে ।