
যোৰহাটত কৰ্ম সন্ধানত যোৱা ফৰিদুল ইছলাম নামৰ যুৱক নিৰুদ্দেশ। সদায়ে যোৱাৰ দৰে যোৱা সপ্তাহতো যুৱকজন ওলাই গৈছিল যোৰহাটলৈ কৰ্মৰ সন্ধানত ।কিন্তু আজি পৰ্যন্ত ঘৰত মানুহৰ সৈতে কোনো যোগাযোগ নকৰাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে। কিয়নো, ২০ বছৰীয়া যুৱক ফৰিদুলেই ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী। এই সন্দৰ্ভত ফৰিদুল ইছলামৰ পৰিয়ালৰ লোকে মৈৰাবাৰী থানাত এখন জাননি দিয়ে,কিন্তু আজি পৰ্যন্ত যুৱক জনৰ কোনো শুংসূত্ৰ লাভ নকৰাত পৰিয়ালৰ লোক দিশহাৰা হৈ পৰিছে। আৰু পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাই যে কোনোবাই যদি যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে 600434180 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়