পুৰুষৰ পিছত এইবাৰ মহিলা নামি পৰিল ড্ৰাগছৰ ব্যৱসায়ত । মৈৰাবাৰীত ৪ টা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকছ সহ গ্ৰেপ্তাৰ তিনিজন । মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ এক অভিযানত গ্ৰেপ্তাৰ তিনিজন ড্ৰাগছ ব্যৱসায়ী । গ্ৰেপ্তাৰ হোৱা তিনিজন ড্ৰাগছ সৰবৰাকাৰী ক্ৰমে শ্বৰিফুল ইছলাম, অজুফা খাতুন আৰু আলাল উদ্দিন । ইয়াৰে অজুফা খাতুন আৰু আলাল উদ্দিন সম্পৰ্কত স্বামী-স্ত্ৰী । এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজনক । মৰিগাঁৱৰ পৰা মৈৰাবাৰীলৈ আহি থকা অৱস্থাত মৈৰাবাৰী সমীপত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ লগতে এখন বাইকসহ কৰায়ত্ত কৰে তিনিজনকে। বৰ্তমানে তিনিওকে মৈৰাবাৰী আৰক্ষীয়ে তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।