
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাতীমূৰীয়া গাওঁৰ ৫ নং ৱাৰ্ডৰ চাৰি বছৰ পূৰ্বে সন্ধানহীন হোৱা মানসিক বিকাৰগ্ৰস্ত তথা বিকলাংগ মফিজুল ইছলাম আজিও সন্ধান লাভ নকৰিলে তেওঁৰ পিতৃ নুৰুল ইছলামে। মফিজুলৰ বয়স ১৮ বছৰ। বৰ্তমান অনায় বনাই ফুৰিছে পুত্ৰৰ সন্ধান বিচাৰি পিতৃয়ে। বিভিন্ন ঠাইত পুত্ৰক বিচাৰি হাহাকাৰ। পুত্ৰক বছৰ বছৰ ধৰি বিচাৰি পিতৃ নুৰুল ইছলামৰ কেৱল চকুপানী। সেয়ে অসমবাসী ৰাইজলৈ পিতৃৰ আহ্বান যদিহে কোনো ব্যক্তিয়ে যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে পিতৃৰ সৈতে 9085629849 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।