
মৈৰাবাৰী গাঁও-পঞ্চায়তৰ অন্তৰ্ভুক্ত পশ্চিম মৈৰাবাৰীত ঠিকাদাৰ ছুয়েব খানৰ চৰম গাফিলতি।অসম চৰকাৰৰ পানী যোগান আঁচনি দ্বাৰা ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ নামত মৈৰাবাৰীত চলিছে ব্যাপক খেলিমেলি। তিনি ইঞ্চি গাত খান্দি পাইপ পুতিয়ে কাম ইতি দিলে ঠিকাদাৰে। ঘৰে-ঘৰে বিশুদ্ধ পানী যোগান দিয়াৰ বিনিময়ত মিস্ত্ৰী সকলৰ হতুৱাই দুহেজাৰ কৈ টকা খোজাৰো অভিযোগ অঞ্চলবাসীৰ। লগতে অতি নিম্ন মানৰ পাইপ ব্যৱহাৰ কৰাৰো অভিযোগ আনিছে অঞ্চলবাসীয়ে। ৰেচন দোকানীয়ে এক কেজি চাউল কম দিলে জেলৰ ভাত খাব বুলি কোৱা চৰকাৰে, এই পানী যোগান আঁচনিৰ ধন আত্মসাৎ কৰা সকলৰ বিষয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া হ’ব লক্ষণীয় বিষয়।