sangbad lahar logo

মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদী কাৰ্যসূচী।

আজমলৰ ভয় দেখুৱাই, সাধাৰণ মানুহক বুৰ্বক বনাই ৰাজ শাসন খোৱা হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ ব্যৰ্থ আৰু অকমন্য মুখ্যমন্ত্ৰী:- চিতু বৰুৱা।

আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে পেট্ৰল, ডিজেল ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থালীত জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ৰঞ্জিত দাস আৰু শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। বৰুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ইতিহাসৰ আটাইতকৈ অকমন্য আৰু ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি কয়। তেওঁ লগতে কয় মূল্যবৃদ্ধি ৰোধ কৰাত এই বিজেপি চৰকাৰ সম্পূৰ্ন ব্যৰ্থ। মু্খ্যমন্ত্ৰী ব্যস্ত কোনখন টেক্টৰে কিমান গাখীৰ দিয়ে তাৰ হিচাপত আৰু যোগান মন্ত্ৰী ব্যস্ত ৰাতিপুৱা শৰীৰ চৰ্চা কৰা ফটো সামাজিক মাধ্যমত আপলোড কৰাত। যদি বিজেপি চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে অতিশীঘ্ৰে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী পদত্যাগ কৰক বুলি দাবী কৰে চিতু বৰুৱাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *