sangbad lahar logo

মুৰ্ছিদাবাদৰ বেলডাঙাত অভূতপূৰ্ব ঘটনা । বিশ্বকাপ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছত ভয়ংকৰ ঘটনা । সবিশেষ তলত দিয়া লিংকটোত ।

তেওঁ আছিল এজন ক্ৰীড়াপ্ৰেমী । ভাৰত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাক লৈ খুব উৎসাহী আছিল । প্ৰতিদিনে আলোচনা কৰিছিল ভাৰতৰ বিশ্বকাপ জয়ৰ সম্ভাৱনাৰ কথা । কিন্তু ফাইনেলত ৰোহিত, বিৰাট পেভিলিয়নলৈ ওভতাৰ পিছতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় লোকজনৰ । ঘটনাটো মুৰ্ছিদাবাদৰ বেলডাঙাৰ ।

মৃত লোকজনৰ নাম সুকুমাৰ বন্দোপাধ্যায় । ষাঠিৰোধ্বৰ সুকুমাৰৰ পৰিয়ালৰ সদস্যসকলে জনাইছে, দেওবাৰে দুপৰীয়া ঘৰত বহিয়ে বিশ্বকাপ ফাইনেল চাইছিল তেওঁ । কিন্তু ভাল আৰম্ভণিৰ পিছত ৰোহিত শৰ্মা আউট হোৱাৰ লগে লগেই উদ্বিগ্ন হৈ পৰে সুকুমাৰ । ঘামিবলৈ আৰম্ভ কৰে তেওঁ । উত্তেজনাত ঘৰৰ ভিতৰতে পাইৰেচী কৰিবলৈ ধৰে লোকজনে । তাৰ পিছত বিৰাট কোহলী আউট হোৱাত হতাশাত ঘৰৰ ছাদলৈ উঠি যায় তেওঁ ।

সুকুমাৰৰ পত্নী গীতা বন্দোপাধ্যায়ে কয়,  প্ৰতিদিনে বিয়লি ছাদত উঠি গছত পানী দিছিল তেওঁ । দেওবাৰে খেল চোৱাৰ মাজে মাজে ছাদলৈ গৈছিল তেওঁ । ইয়াৰ পিছত ছাদ পৰা উভতি আহি পুনৰ খেল চাবলৈ বহিছিল । তেতিয়াই শৰীৰ বেয়া লগাৰ কথা কৈছিল । ইয়াৰ কিছু সময়ৰ পাছত তেওঁ সংজ্ঞাহীন হৈ পৰে । লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা হয় যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে । সুকুমাৰৰ প্ৰতিবেশীয়েও কয়, খেলা-ধূলাক লৈ তেওঁ খুব উৎসাহী আছিল । বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শনত আন লোকৰ দৰেই আনন্দিত হৈছিল তেওঁ । কিন্তু ফাইনেলত ভাৰতৰ ব্যৰ্থতা মানি ল’ব নোৱাৰিলে লোকজনে ।

Related Articles