
এটা নিঠৰুৱা পৰিয়াল ৷ মাক- দেউতাকক হেৰুৱাই নিঠৰুৱা হৈছিল এই দুই ভাতৃ- ভগ্নী ৷ কিছু বছৰ পূৰ্বে পিতৃৰ মৃত্যু হোৱাৰ পিচত হঠাৎ যোৱা ছেপ্টেম্বৰ মাহত দুই সন্তানক ঘাটমাউৰা কৰি আঁতৰি যায় মাতৃও ৷ ফলত পিতৃ- মাতৃ অবিহনে অকলশৰীয়া হৈ পৰে দুই ভাতৃ- ভগ্নী ৷ বাগছা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং শিলাকুটি গাঁওৰ বাসিন্দা এই ভাতৃ-ভগ্নী ৷ নাম বিকী ৰামচিয়াৰী আৰু হিমাশ্ৰী ৰামচিয়াৰী ৷ বিকী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ বিপৰীতে হিমাশ্ৰী দশম শ্ৰেণীত অধ্যয়নৰত ৷ পিছে পিতৃ- মাতৃৰ অকাল বিয়োগত নিঠৰুৱা হৈ পৰে দুয়ো ৷ আৰ্থিক ভাৱেও সমস্যাৰ সম্মুখীন হয় দুই ভাতৃ-ভগ্নী৷ যাৰ বাবে আজি দুই ভাতৃ- ভগ্নীক আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল স্থানীয় ডিজে সঞ্চয় সমিতি ৷ জীতেন নাৰ্জাৰী আৰু দ্বীপন শৰণীয়াৰ পৰিচালনাত চলি থকা সঞ্চয় সমিতিৰ হৈ আজি পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় তেওঁলোকক ৷ আনহাতে হিমাশ্ৰী ৰামচিয়াৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হলে সঞ্চয় সমিতিয়ে নামভৰ্তিৰ মাছুল, কিতাপ পত্ৰৰ লগতে সাজ- পোচাক যোগান ধৰিব বুলিও জানিব দিয়ে ৷ ইফালে সঞ্চয় সমিতিৰ মহানুভৱতাক প্ৰশংসা কৰিছে এতিয়া স্থানীয় সচেতন মহলে।