
অতিমাৰীয়ে জুৰুলা কৰিছিল বিশ্বৰ লগতে অসমক। স্তব্ধ হৈ পৰিছিল জনজীৱন। বন্ধ হৈ আছিল অসমৰ মানুহৰ প্ৰাণৰ ভ্ৰাম্যমাণ নাট্যজগত। অৱশেষত চৰকাৰে জাৰি কৰা সকলো ধৰণৰ নিয়ম নীতি মানি দুমাহ পলমকৈ ওলাই আহিল কেইটামান ভ্ৰাম্যমাণ নাট্যদল। ভাগ্যদেৱী থিয়েটাৰো ওলাই আহিল নাট্যপ্ৰেমী ৰাইজৰ আশীর্বাদ বিচাৰি তিনিখন ভিন্ন স্বাদৰ নাটকৰ মাজেৰে। পল্লৱ পৱনৰ মহালয়া, চম্পক শৰ্মাৰ মহাশ্মশান আৰু তিলক বৈশ্যৰ মাতাল পৃথিৱী।
মুছলপুৰত দ্বিতীয় নিশাৰ নিবেদন চম্পক শৰ্মাৰ ৰচনা, পৰিচালনা ও দুৰ্দান্ত অভিনয়েৰে মহাশ্মশান নাটে দৰ্শকৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয়।
356 Comments