২০১৩ চনৰ পৰাই ২০ মাৰ্চত বিশ্ব সুখ দিৱস পালন কৰা হৈছিল । জাতীয় সুখৰ গুৰুত্বত বিশ্বাসী ভূটানৰ এক পদক্ষেপৰ পিছত ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰে । আন্তৰ্জাতিক সুখ দিৱস উদযাপন কৰা হয় সুখৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়াৰ লগতে জীৱনৰ প্ৰতিটো মুহূৰ্তক লালন-পালন কৰিবলৈ । এই দিৱসটোৱে আমাক সোঁৱৰাই দিয়ে যে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক সৰ্বাংগীন, সমতাপূৰ্ণ আৰু সুষম পন্থাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিবলৈ; যিয়ে বহনক্ষম উন্নয়ন, দৰিদ্ৰতা নিৰ্মূলকৰণ, সুখ আৰু সকলো জনগোষ্ঠীৰ মংগলৰ প্ৰসাৰ ঘটায় ।

এইবাৰ আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ বিষয়বস্তু হৈছে : Be Mindful, Be Kind, Be Grateful “বিচক্ষণশীল হোৱা, কৃতজ্ঞ হোৱা , দয়ালু হোৱা ” ।
সুখৰ সন্দৰ্ভত বিজ্ঞলোকে কোৱা কেইটামান বাক্য আপোনালোকলৈ-
"সুখ এটা যাত্ৰা, গন্তব্যস্থান নহয় ।" - বুদ্ধ
“যদি আপুনি সুখী জীৱন যাপন কৰিব বিচাৰে, তেন্তে ইয়াক মানুহ বা বস্তুৰ লগত নহয়, এটা লক্ষ্যৰ লগত বান্ধি ৰাখক ।”– এলবাৰ্ট আইনষ্টাইন
"সুখে যি কৰিব নোৱাৰে, সেইটো কোনো ঔষধেই নিৰাময় নকৰে ।" - গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ

জীৱনৰ সৰু সৰু কথাবোৰত সুখ বিচাৰি লওঁক, তেতিয়া আপুনি লক্ষ্য কৰিব যে সুখ কেতিয়াও আপোনাৰ কাষৰ পৰা আঁতৰি নাযায় । আপোনাৰ চাৰিওফালে এতিয়াও বাকী থকা সকলো সৌন্দৰ্য্যৰ কথা ভাবি সুখী হওঁক । আপোনাৰ জীৱনৰ ভাল কথাবোৰ গণনা কৰক আৰু আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ এই আনন্দময় অনুষ্ঠানত নিজকে সুখী হোৱাৰ কাৰণ দিয়ক ।