
মুকালমুৱাৰ বৰতলাত ব্ৰহ্মপুত্ৰত নাওঁ ডুবি এগৰাকী লোক সন্ধানহীন। চাৰিগৰাকী লোক আহিছিল নাওঁখনত । ইয়াৰে কন্দৰ্প ডেকা নামৰ লোক জন সন্ধানহীন বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুত্ৰৰ চাপৰিত চৰিবলৈ দিয়া গৰু,ম’হ আনিবলৈ গৈছিল এখন টুলুঙা নাওঁত ।
গাওঁ খনৰ আন তিনিগৰাকী নাওৰে ব্ৰহ্মপুত্ৰৰ এটা সুঁতি পাৰ হ’বলৈ লওঁতে নৈৰ মাজতে নাওঁখন ডুবি যায়। লগৰ তিনি জন কোনোমতে সাঁতুৰি পাৰ হৈ আহে যদিও কন্দৰ্প ডেকা সন্ধানহীন হৈ পৰে। শ
স্থানীয় লোকে তেওঁক সন্ধিয়ালৈ উদ্ধাৰৰ চেষ্টা চলাই যদিওঁ কোনো শুংসূত্ৰ নাপালে । সন্ধিয়াৰ ভাগত এছ ডি আৰ এফ বাহিনীৰ এটা দলে উপস্থিত হয় যদিওঁ প্ৰতিকূল বতৰ আৰু এন্ধাৰ হোৱা কাৰণে উদ্ধাৰ অভিযান চলোৱা নাই।