sangbad lahar logo

মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । সংকটজনক অৱস্থাত তিনিজনক GMCH লৈ প্ৰেৰণ ।

মুকালমুৱাৰ খালিহাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাত দুয়োখন বাইকৰে তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয় । আহত লোক কেইজনৰ নাম লাচিত কৈবৰ্ত্ত(২৪), ৰবি কৈবৰ্ত্ত(২৪) আৰু জামাত উদ্দিন আহমেদ(৫২)। স্থানীয়লোকে আহত লোক কেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও সংকটজনক অৱস্থাত আটাইকেইজনক GMCH লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাত পতিত দুচকীয়া বাহন দুখনৰ নম্বৰ AS-14-Q-1897 আৰু AS 14-M-6840..

Related Articles