মুকালমুৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত এতিয়া দেখা গৈছে বনভোজৰ আনন্দ। পৰিভ্ৰমী চৰাইৰ নান্দনিক দৃশ্যই দৃষ্টি কাঢ়িছে প্ৰত্যেকটো বনভোজকাৰী দলৰ।
পুৰণি বছৰক বিদায় দি নতুন বছৰক আঁদৰিবলৈ সাঁজু হৈছে প্ৰতিজন ব্যক্তি। পৰিয়াল, বন্ধুবৰ্গৰ লগত মাছে-মঙহে এসাজ তৃপ্তিৰে খাবলৈ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত সোঁত বৈছে বনভোজৰ দলসমূহৰ। সৰিয়হ ফুল আৰু বোৱতী নদীৰ দৃষ্টিনন্দন পৰিৱেশৰ মাজত নাচি-বাগি আনন্দ উপভোগ কৰিছে সকলোৱে।
নতুন বছৰটো সুখ সমৃদ্ধিৰে ভৰি পৰাৰ আশা ৰাখিছে প্ৰতিজনে। মুকালমুৱাত পৰিভ্ৰমী চৰাইৰ নান্দনিক দৃশ্যই দৃষ্টি কাঢ়িছে বনভোজকাৰী দল সমূহৰ।